Relief Fund

কৃষ্ণগুৰু সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পূজনীয় গুৰু, গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, (বিশ্ববিদ্যালয়ৰ আচাৰ্য) পৰিচালনা ন্যাসৰ সভানেত্ৰী কুন্তলা পাটোৱাৰী গোস্বামী আই, বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক বীৰেন কুমাৰ চক্ৰবৰ্ত্তী, পৰীক্ষা উপনিয়ন্ত্ৰক ধ্ৰুৱজ্যোতি কোঁৱৰ, জনসংযোগ ৰক্ষা আৰু সম্পত্তি বিষয়া প্ৰাঞ্জল প্ৰতিম পাটোৱাৰী, কৃষ্ণগুৰু আন্তৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতা প্ৰভু, যুটীয়া সম্পাদক হেমন্ত দাস প্ৰভু, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকল, কৃষ্ণগুৰু আন্তৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ প্ৰচাৰ সম্পাদক কৃপাল দাস /ৰাজীব কোচ/চানক্য ডেকা, কৃষ্ণগুৰু আন্তজাৰ্তিক যুবসমাজৰ বিষয়ববীয়া সকলে মানৱ প্ৰেমৰ বাণীৰে চৰাইদেউ আৰু সোণাৰী অঞ্চলত বানপানীয়ে থানবান কৰি গৃহহীন কৰা মানুহক সামান্য সহায় আগবঢ়োৱা আৰু ছাত্ৰ-ছাত্ৰীসকলক আশাহত নোহোৱাৰ বাবে সাহস দিয়াৰ কাৰণে দুটা দিনৰ মানৱীয় সংগ দিবলৈ উপস্হিত থাকো। স্হানীয় ৰাইজৰ দৃষ্টিভংগীত এই বিভিষীকাময় প্ৰাকৃতিক দুৰ্যোগ ছয় শ বছৰীয়া আহোম ৰাজত্বৰ দিনত লগতে আধুনিক কালৰ অসমৰ ইতিহাসত বিচাৰি নোপোৱা আৰু মুখামুখি নোহোৱা প্ৰত্যাহ্বান - যোৰহাট, শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউৰ জনজীৱনৰ বাবে । প্ৰকৃতিৰ প্ৰতি মানুহৰ হৃদয়হীন আচৰণত খঙাল পাহাৰবোৰৰ গৰাখহনীয়াৰ কাৰণে জাজী, দিখৌ, দিচাং, দৰিকাৰ সোতৰ গতি ৰুদ্ধ হৈ হঠাতে ফাতিপৰা পানীৰ সোতত উতি যায় জনজীৱনৰ সপোন। দূৰদূৰণিৰ পৰা শুনা কাহিনীতকৈ চকুৰে দেখা পৰিবেশ অধিক বিভীষিকাময় ।