Invitation National Seminar On Drug Discovery Development AI and Digital Health in Pharmaсу, Date: 10/10/2026 and 11/10/2026
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ফাৰ্মাচী প্ৰতিষ্ঠানে অহা ১০ আৰু ১১ অক্টোবৰ, ২০২৬ তাৰিখে ‘কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল স্বাস্থ্য আৰু ঔষধ আৱিষ্কাৰ’ শীৰ্ষক এক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছে।
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ 'আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ'ৰ (IQAC) সক্ৰিয় সহযোগিতাত আয়োজিত এই ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াইছে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনম বন্দৰ কৰ্তৃপক্ষই। উক্ত ৰাষ্ট্ৰীয় সন্মিলনৰ মূল উদ্দেশ্য হৈছে ফাৰ্মাচিউটিকেল বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু উদ্যোগ বিশেষজ্ঞসকলক আধুনিক ফাৰ্মাচীৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল স্বাস্থ্য প্ৰযুক্তিৰ পৰিৱৰ্তনকাৰী ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ বাবে এক অগ্ৰণী মঞ্চ প্ৰদান কৰা। যিহেতু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখন দ্ৰুতগতিত সলনি হৈছে, তথ্য বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সংমিশ্ৰণে ঔষধ আৱিষ্কাৰ, স্বাস্থ্য সেৱাৰ বিকাশ আৰু ৰোগীৰ যত্ন প্ৰণালীৰ গতি অধিক ত্বৰান্বিত কৰি তুলিছে, সেই ক্ষেত্ৰত এই সন্মিলন খনিয়ে বিশেষ ভূমিকা পালন কৰিব।
এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে বিশ্বৰ ফাৰ্মাচী খণ্ডৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা শেহতীয়া উদ্ভাৱন, গুৰুত্বপূৰ্ণ সাফল্য আৰু গাঁথনিসমূহৰ সন্দৰ্ভত মূল ভাষণ, কাৰিকৰী দিশ সমূহ উপস্থাপন কৰিব।
আগ্ৰহী সকলে উক্ত সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ৱেবচাইট www.kav.ac.in ত অথবা
https://docs.google.com/forms/d/e/1FAIpQLSeGhGX2n4QqWUWp_zf9ByWX-FVmIoK2kTnHFfFrbMpmHL9XFQ/viewform লিংক যোগে
নাম পঞ্জীয়ন কৰিব পাৰিব।
কৃষ্ণগুৰু শিক্ষাপৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামী, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অনুপ কুমাৰ তালুকদাৰ, পঞ্জীয়ক ড৹ মুকুন্দ শৰ্মা, শৈক্ষিক পঞ্জীয়ক ড৹ বীৰেণ কুমাৰ চক্ৰৱৰ্তী, ফাৰ্মাচী প্ৰতিষ্ঠানৰ অধ্যক্ষ ড৹ মহিবুল হকে উক্ত সন্মিলনত শুভাকাংক্ষী গৱেষক, ছাত্ৰ-ছাত্ৰীৰ সহযোগিতা কামনা কৰিছে।